ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলেও ছওম নষ্ট নহ’ব
ক্যাটাগৰি সমূহ
উৎস
Full Description
14225: ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলেও ছওম নষ্ট নহ'ব
প্ৰশ্ন: এবাৰ ছাহাৰীৰ আগত মোৰ সপোনদোষ হৈছিল। কিন্তু মই গুছল কৰিব পৰা নাছিলো। গুছল কৰিবলৈ মোৰ তীব্ৰ লজ্জাবোধ হৈছিল। কাৰণ মোৰ পিতৃ-মাতৃয়ে গম পাব যে, মোৰ সপোনদোষ হৈছে। সেয়ে মই গুছল নকৰি ছুহুৰ খাইছো। দুখজনক কথা হ'ল সেইদিনা মই ফজৰৰ ছালাতো আদায় কৰা নাছিলো। কিন্তু পিছত গুছল কৰি মই ফজৰৰ ছালাত আদায় কৰিছো। মই জানিব বিচাৰিছো, মোৰ সেই ছওমটো কবুল হ'বনে? কাৰণ মোৰ ধাৰণা হৈছে- মই (সপোনদোষ হোৱা) অপৱিত্ৰ অৱস্থাত ছুহুৰ খাই ভুল কৰিছো। মোৰ ছওম কবুল হ'বনে?
উত্তৰ:
আলহামদু লিল্লাহ।
কোনো যদি ৰাতিত স্ত্ৰী সহবাস কৰে আৰু অপৱিত্ৰ অৱস্থাত ছুবহে ছাদিক হৈ যায় তাৰ ছওম শুদ্ধ হ'ব; এইদৰে ৰাতিত অথবা দিনত টোপনীৰ মাজত কোনোবাই যদি অপৱিত্ৰ হৈ যায় তাৰ ছওমো শুদ্ধ হ'ব। পলম কৰি ফজৰ আৰম্ভ হোৱাৰ পিছত গুছল কৰিলে কোনো দোষ নাই। কিন্তু কোনোবাই যদি ৰমজান মাহত দিনত অৰ্থাৎ ফজৰৰ পিছৰ পৰা সূৰ্যাস্থ যোৱাৰ আগ লৈকে এই সময়ৰ মাজত স্ত্ৰী সহবাস কৰে তাৰ ছওম নষ্ট হয়।[স্থায়ী কমিটিৰ ফতোৱাসমগ্ৰ (১০/৩২৭)]
কিন্তু পলমকৈ সূৰ্যোদয়ৰ পিছত ছালাত আদায় কৰা আপোনাৰ বাবে হাৰাম। আপোনাৰ ওপৰত ফৰজ আছিল যথাসময়ত ছালাত আদায় কৰা। আপোনাৰ তীব্ৰ লাজ এই ক্ষেত্ৰত গ্ৰহণযোগ্য কোনো ওজৰ নহয়; যাৰ বাবে ছালাত আদায় কৰাত পলম কৰিব পাৰি। এতিয়া আপোনাৰ কৰ্তব্য হৈছে- এই গুনাহৰ পৰা তাওবা কৰা, ইস্তিগফাৰ কৰা (ক্ষমা প্ৰাৰ্থনা কৰা)। আল্লাহে আমাক আৰু আপোনাক সকলো ধৰণৰ ভাল কাম কৰাৰ তাওফীক প্ৰদান কৰক।