×
এই ফতৱাটোত হজ্জৰ পৰিচয় দিয়া হৈছে

الرحمن
ترجمة
:

উত্তৰ:

আলহামদুলিল্লাহ।

নুছুক পালনৰ উদ্দেশ্যে কাবা অৰ্থাৎ বায়তুল্লা হাৰাম যোৱাকে হজ্জ বোলা হয়। নুছুক হৈছে- এনে কিছুমান কথা আৰু কাম যিবোৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হজ্জৰ বিবৰণত আহিছে। যেনে- বায়তুল্লাহৰ চাৰিওফালে সাত পাক তাৱাফ (প্ৰদক্ষিণ) কৰা, ছাফা আৰু মাৰৱা নামক পাহাড়দ্বয়ৰ মাজত প্ৰদক্ষিণ কৰা, আৰাফাৰ ময়দানত অৱস্থান কৰা, মীনাৰ জামৰাত সমূহত শিলগুটি নিক্ষেপ কৰা ইত্যাদি। হজ্জৰ মাজত বান্দাহৰ বাবে বহুতো কল্যাণ আছে। যেনে আল্লাহৰ একত্ববাদৰ ঘোষণা দিয়া, গুনাহ মাফ হোৱা, মুছলমান সকলৰ লগত পৰিচিত হোৱা, দ্বীনি হুকুম-আহকাম শিকা ইত্যাদি।

প্ৰিয় বন্ধু, তুমি বয়সত সৰু হোৱা সত্তেও আৰু কানাডাৰ দৰে দূৰবৰ্তী দেশত অৱস্থান কৰিও হজ্জ সম্পৰ্কে তোমাৰ প্ৰশ্ন কৰাটো অতিকৈ প্ৰশংসনীয় আৰু উৎসাহব্যঞ্জক।

আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যেন তোমাক তেওঁৰ ঘৰৰ হজ্জ আদায় কৰাৰ তাওফিক দিয়ে, ফৰজ ইবাদত পালন কৰাৰ সামৰ্থ দিয়ে।

আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আল্লাহৰ ৰহমত আৰু শান্তি বৰ্ষিত হওঁক।

শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ