×
হজ্জৰ মাহত উমৰা কৰা বৈধ নে অবৈধ সেই বিষয়ে এই ফতৱাটোত স্পষ্ট কৰা হৈছে

হজ্জৰ মাহ সমূহত উমৰা কৰাৰ বিধান

] অসমীয়া – Assamese – آسامي [

শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ

—™

অনুবাদ

ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

العمرة في أشهر الحج

الشيخ محمد صالح المنجد

—™

ترجمة: رفيق الاسلام بن حبيب الرحمن

হজ্জৰ মাহ সমূহত উমৰা কৰাৰ বিধান

প্ৰশ্ন: হজ্জৰ মাহ সমূহত উমৰা কৰা জায়েজ নে?; যদি সেই বছৰ মোৰ হজ্জ কৰাৰ নিয়ত নাথাকে। ঊদাহৰণ স্বৰূপে হজ্জৰ প্ৰায় ১৫ দিন আগত মই মক্কা গৈ উমৰা কৰিলো। উমৰা কৰি উভতি আহিলো। এইটো জায়েজ হব নে?

উত্তৰ:

সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে।

হজ্জৰ মাহত উমৰা কৰা জায়েজ; একেই বছৰত হজ্জ কৰাৰ নিয়ত থাকক অথবা নেথাকক। এই ক্ষেত্ৰত আলিমসকলৰ মাজত কোনো মতভেদ নাই।

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সৰ্বোমুঠ ৪টা উমৰা কৰিছিল। তেখেতৰ গোটেই উমৰা জুলক্বাদা মাহত আছিল। জুলক্বাদা হজ্জৰ মাহ (শ্বাওৱাল, জুলক্বাদা আৰু জুলহিজ্জা) ৰ অন্তৰ্ভূক্ত। কেৱল তেখেত তেখেতৰ জীৱনৰ শেষ উমৰাৰ লগত বিদায়ী হজ্জ কৰিছিল।

বুখাৰী আৰু মুছলিমে আনাছ ৰাদিআল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম চাৰিটা উমৰা কৰিছিল। কেৱল তেখেতৰ হজ্জৰ উমৰাৰ বাহিৰে গোটেইবোৰ আছিল জুলক্বাদা মাহত: হুদাইবিয়াৰ উমৰা অথবা হুদাইবিয়াৰ সন্ধিৰ সময়ত উমৰা আছিল জুলক্বাদা মাহত। পিছৰ বছৰৰ উমৰাও আছিল জুলক্বাদা মাহত। হুনাইনৰ গনিমত (যুদ্ধত বিজয় লাভ কৰি পোৱা ধন) বিতৰণ কৰা ঠাই জিয়িৰ্ৰানাৰ পৰা অহা উমৰাটোও আছিল জুলক্বাদা মাহত। আৰু আনটো হৈছে তেখেতৰ হজ্জৰ উমৰা।

ইমাম নৱৱী ৰাহিমাহুল্লাহ এই হাদীছৰ ব্যাখ্যাত কৈছে: “আনাছ আৰু ইবনে ওমৰ ৰাদিআল্লাহু আনহুমাৰ বৰ্ণনাৰ সাৰকথা হৈছে- তেওঁলোক দুয়োজন ৪টা উমৰাৰ ক্ষেত্ৰত একমত। এটা আছিল হুদাইবিয়াৰ বছৰ হিজৰী ৬ষ্ঠ চন জুলক্বাদা মাহত। সেই বছৰ তেখেত সকলে বাধাপ্ৰাপ্ত হৈ ইহৰামৰ পৰা হালাল হৈ উভতি গৈছিল; উমৰা কৰিব পৰা নাছিল। দ্বিতীয়টো আছিল ৭ম হিজৰীৰ জুলক্বাদা মাহত। তৃতীয়টো আছিল ৮ম হিজৰীত মক্কা বিজয়ৰ বছৰ। চতুৰ্থটো আছিল হজ্জৰ লগত। সেই উমৰাৰ ইহৰাম জুলক্বাদা মাহত বান্ধিছিল আৰু উমৰাৰ কাম সমূহ জুলহিজ্জা মাহত শেষ কৰিছিল।"

তেওঁ আৰু কৈছে: “আলিম সকলে কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুলক্বাদা মাহৰ ফজিলতৰ বাবে আৰু জাহেলি (অজ্ঞতা) যুগৰ বিৰুদ্ধাচৰণ কৰিবলৈ এই উমৰা সমূহ জুলক্বাদা মাহত পালন কৰিছিল। কাৰণ জাহেলি যুগত, এই মাহত উমৰা কৰাক গুনাহৰ কাম বুলি ভবা হৈছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এই মাহত অধিক হাৰত উমৰা কৰিছিল যাতে এই মাহত উমৰা কৰা বৈধ হোৱা বিষয়ক মজবুত কৰিব পাৰে আৰু অবৈধ হোৱাৰ জাহেলী দৃষ্টিভঙ্গিক তীব্রভাৱে অপনোদন কৰিব পাৰে। আল্লাহেই সৰ্বজ্ঞানী।"

ইছলাম প্ৰশ্ন আৰু উত্তৰ